সমললৈ যাওক

পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৯
৺শঙ্কৰদেৱ।

দৰশনে পাপ হৰে আছে মহা গুণ।
অদ্যাপি প্ৰশংসে আক পণ্ডিত ব্ৰাহ্মণ॥ ৪৮২
জৱসিয়া গ্ৰামে আসি তেহো ৰহিলন্ত।
বৎসৰ ছয়ক মানে ঐতে আছিলন্ত॥
কৰিলন্ত সত্ৰ হৰি কথা দিনে ৰাতি।
তেহেন্তে আমাক দায়া কৰিছন্ত আতি॥ ৪৮৩
চতুৰ্ভুজ নামে আছা নাতি শঙ্কৰৰ।
যাৰ মহা গুণ গণে নাহি পটন্তৰ॥
মোৰ মুখে তান গুণ বৰ্ণাইবোঁহো কত।
অদ্যাপি আছন্ত বিষ্ণুপুৰ নগৰত॥ ৪৮৪
ধীৰ মহন্ত সন্ত জগতে যে প্ৰধাণ।
তানো মোক দায়া আছে সবাতে প্ৰমাণ॥
আছিলন্ত নাৰায়ণ শিষ্য শঙ্কৰৰ।
পূৰ্ব্বে তেন্তে দায়া মোক কৰিছা বিস্তৰ॥ ৪৮৫
ধন ধান্য বস্ত্ৰ দিয়া কৰিছা পোষণ।
জগততে প্ৰসিদ্ধ বৈষ্ণৱ মহাজন॥
একে গ্ৰামে বঞ্চিলোঁহো নুহিকে অন্তৰ।
কিঞ্চিতেকো মনে নেদেখিলোঁ ভিন্নপৰ॥ ৪৮৬
আমি পুৰোহিত আছিলন্ত যজমান।
পৰম অজ্ঞান মঞি মুৰ্খতে প্ৰধান॥