সমললৈ যাওক

পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৮
৺শঙ্কৰদেৱ।

নাৰায়ণ কনিষ্ঠ ভৈলন্ত ৰামানন্দ।
ভকতি পন্থত যাৰ পৰম আনন্দ॥৪৭৭
আমি সমে কথায়ে আছোঁহো নিৰন্তৰ।
মিলিল প্ৰসঙ্গ কথা শঙ্কৰ দেৱৰ॥
অনন্তৰে মোৰ মনে খেদ ভৈলা তথা।
ৰামানন্দে বোলে লিখি থৈয়ো ইটো কথা॥ ৪৭৮
ই কথা শুনিতে শ্ৰদ্ধা থাকে যাৰ মনে।
পঢ়িবে শুনিবে আক পৰম যতনে॥
হেন শুনি মঞি পাচে মনত গুণিলোঁ।
শঙ্কৰ চৰিত্ৰ পদবন্ধে লিখি থৈলোঁ॥ ৪৭৯
মোৰ ইটো শক্তি নুহি কৃপাকেশবৰ।
আছয় কৰুণা মোক মহন্ত সবৰ॥
পৰম বৈষ্ণৱ তেন্তে আছিলা মাধৱ।
অহৰ্নিশে যাৰ হৰি কীৰ্ত্তন উৎসৱ॥ ৪৮০
দৰশনে পলাই মহা পাতেক সমস্ত।
শিশু দেখি দায়া মোক কৰিছা পূৰ্ব্বত॥
শঙ্কৰ দেৱৰ নাতি আতি অনুপাম।
পৰম পণ্ডিত শ্ৰীপুৰুষোত্তম নাম॥ ৪৮১
গহীন গম্ভীৰ ধীৰ কৃষ্ণত ভকত।
ৰাম কৃষ্ণ নাম সদা নুগুচে মুখত॥