পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৭
৺শঙ্কৰদেৱ।

তোমাৰ বৃত্তান্ত কহিয়োক সাবশেষে।
ইঠাইক আসিলা তুমি কাৰ উপদেশে॥
শুনি নাৰায়ণে নমস্কাৰ কৰিলন্ত।
আপুনাৰ কথা শঙ্কৰত কহিলন্ত॥ ৪২৩
মনত বোলন্ত বহু কথা কহিবাক।
নাহি কিছো প্ৰয়োজন দঢ়াই আপুনাক॥
বোলন্ত শুনিয়ে বাপ কহো স্বৰুপত।
[*]মনেদত জন্ম থাকোঁ ডিঙ্গা নগৰত॥৪২৪
বিকা কিনা কৰিতে গৈলোঁহো সণ্ঢৰাক।
কৰিলোঁহো উদ্যম গৃহক আনিবাক॥
তুমি যাৰ নাম কৈলা ব্ৰাহ্মণ ভাস্কৰ।
তাঙ্ক লাগ পাইলোঁ ভাগ্য আছয় বিস্তৰ॥৪২৫
এক ঠাই ভৈলোঁ দুই নদীৰ তীৰত।
কৃপায়ে তোমাৰ গুণ কৰিল বেকত॥
মঞি যাওঁ জগন্নাথ দেব দৰশনে।
ভূঞা ঠাইক লাগি চলি যায়ো এতিক্ষণে॥ ৪২৬
তাহান বচনে খেদ মিলিল মনত।
গৃহক আসিলোঁ মঞি চৰিয়া নাৱত॥


 * ^ মনদিযা গাৱত।