পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৬
৺শঙ্কৰদেৱ।

প্ৰেমৰ ভৰত গুৰু আনন্দে নাচন্ত।
মকমক কৰি গুৰু পৰি বাগৰন্ত॥
সমজ্যাৰ লোকে শুনি থাকন্ত হৰিষে।
কৰন্ত কীৰ্ত্তন অমৃত যেন বৰিষে॥ ৪১৮
ৰাম ৰাম মাধৱ পৰম মহাজন।
দৰশনে শোকৰ পাতেক হোৱে ছন্ন॥
ৰাম ৰাম গুৰু আসিবন্ত মোৰ পাশে।
দেখিবোঁহো তাহাক পৰম অভিলাষে॥ ৪১৯
শুনি নাৰায়ণে পাচে বুললা বচন।
ৰাম ৰাম গুৰুক হৈবোঁহো দৰশন॥
তজু কৃপা ভৈলা যেবে মঞি অধমক।
দেখিবোঁ অবশ্যে কোনো নাহিকে বাধক॥ ৪২০
আছন্ত মাধৱ তাঙ্ক হঞো দৰিশন।
শুনিয়া শঙ্কৰে পাচে বুলিলা বচন॥
মাধৱৰ মাতৃ মৰি স্বৰ্গক গৈলন্ত।
অনুক্ৰমে সবে দশ দশা কৰিলন্ত॥ ৪২১
সুদ্ধিৰ দিৱস আসি ভৈলা সন্নিহিত।
বাৰাদিক গৈল কড়ি অন্বেষ বৰিত॥
আসিবন্ত ঐকে দেখিবাহা মাধৱক।
তুমি কেন মতে আইলা আমাৰ পাশক॥ ৪২২