সমললৈ যাওক

পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৮
৺শঙ্কৰদেৱ।

পৰিকৰ নমাই হালধিয়া গ্ৰামে থৈলোঁ।
তজু দৰশনেসে উজাইযা আসিলে॥ ৪২৭
খেদি যাইবে নলাগিল মোৰ মহাভাগ।
কৃপাময় গুৰুক হাততে পাইলোঁ লাগ॥
আছেহোঁ যৈসানি মঞি ডিঙ্গা নগৰত।
বৈষ্ণৱ একজন মোৰ চাপি গৃহত॥৪২৮
মোক দেখিবাক লাগি আদৰি পুছিলা।
এক বুঢ়ী মাতি তাঙ্ক সমিধান দিলা।
নাহিকন্ত ঘৰে তেহে গৈলন্ত ওহলাই।
ৰহিবাক ইচ্ছা তেবে বসিযো ইঠাই॥ ৪২৯
দিলা বাস ঘৰ তাতে ৰণে ৰহিলন্ত।
ভৰি পখালিয়া আসনত বসিলন্ত॥
গধুলি সময় ভৈলে গৃহক আসিল।
বাৰ্ত্তা পায়া মহন্তৰ সমীপক গেল॥ ৪৩০
দেখিলোঁহো মঞি মহা সাধু পুৰুষ।
তেহে প্ৰিয় বাক্য মোক বুলিলা অনেক॥
বোলন্ত তোমাৰ নাম ইঠাইত শুনিলোঁ।
দেখিবাক লাগি মঞি হৰিষে আসিলোঁ॥ ৪৩১
কিবা কায্যে আপুনি গৈছিলা কোন ভিতি।
অকপট কথা কহিয়োক মহামতি॥