পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫
শ্রীশ্ৰীচণ্ডী ।

মহা কোপে শক্তি গোট কৰিলা প্ৰহাৰ।
কৌমাৰীয়ে দানবৰ চিন্তিলন্ত মাৰ॥ ৩৪
ইন্দ্ৰানীয়ে বজ্ৰ গোট প্ৰহাৰিলা টানি।
শতে শতে দৈত্যগণ মাৰিলা গোসানী॥
কাটা দানবৰ তেজে ধাৰা বহি যাই।
পৃথিবী ঢাকিয়া শৰগণে সমুদাই॥৩৫
বাৰাহী দেবীয়ে চক্ৰ কৰিয়া সন্ধান।
যুথে যুথে দানবৰ লৈলন্ত পৰাণ॥
দণ্ডৰ প্ৰহাৰে কাৰো ভাঙ্গিলা হৃদয়।
তুণ্ডৰ প্ৰহাৰে কাৰো কৰিলা প্ৰলয়॥ ৩৬
নাদে দিশ পাশ পুৰি নাৰসিংহী মায়ে।
নখে বিদাৰিয়া দৈত্য দানবক খায়ে।৩৭
শিবদূতী কৰিলন্ত চণ্ড অট্টহাস।
ভূমিত পৰিলা দৈত্যগণে পায়া ত্ৰাস॥
সিসবক ধৰি পাছে শিবদূতী খাইলা।
সেহি মতে দানবৰ সেনাক ভঙ্গাইলা॥৩৮
ব্ৰাহ্মী মাহেশ্বৰী আদি কৰি মাতৃগণে।
কালী শিবদূতী সমে এহি নব জনে॥
দানব সেনাত কোপে কৰিলা ক্ৰন্দন।
দেখিয়া বিভঙ্গে পলাইলেক দৈত্যগণ॥ ৩৯
 হেন দেখি ৰক্তবীজ দানব দুৰ্ব্বাৰ।
কোপে গদা ধৰি আগ বাঢ়ি দিলা ধাৰ।৪০
সিতো অসুৰৰ যেবে দেহাৰ শোণিত।
যতেক যতেক বিন্দু পৰয় ভূমিত॥