পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬
শ্ৰীশ্ৰীচণ্ডী


সেহি ৰুধিৰৰ হন্তে আপুনি অনেক।
উপজিয়া উঠে দুষ্ট দানব যতেক॥
বলবীৰ্য্য ৰূপগুণ শৰীৰৰ ঠান।
সবেও হোৱয় ৰক্তবীজৰ সমান॥ ৪১
ভুমি হন্তে উঠি মাত্ৰ যুঝয় তেখন।
হেন ৰক্তবীজে ইন্দ্ৰাণীক দিলা ধাৰ॥
ইন্দ্ৰাণীও বজ্ৰে তাক তাৰিলা সন্ধানে।
বহিলা ৰুধিৰ তাৰ জত লাগে মানে॥
তাত হন্তে উপজিলা দানব অনেক।
অস্ত্ৰ ধৰি মাতৃসমে সবে যুঝিলেক॥৪২-৪৩
পুনু ইন্দ্ৰাণীয়ে বজ্ৰে ভেদিলেক শিৰ।
বহিবে লাগিলা ৰক্তবীজৰ ৰুধিৰ॥
ভৈলা দৈত্য তাত হন্তে হাজাৰে হাজাৰ।
বৈষ্ণবীয়ে পাছে চক্ৰ কৰিলা প্ৰহাৰ॥
গদায়ে তাৰিলা ৰক্তবীজক ইন্দ্ৰাণী।
দিলন্ত খডগৰ ঘায়ো বাৰাহী গোসানী॥
কৌমাৰীয়ে তাক লাগি হানিলা শকতি।
হানিলা ত্ৰিশূল মাহেশ্বৰী ভগৱতী॥
পাছে কোপ কৰি ৰক্তবীজ গদা ঘায়ে।
মাতৃ সকলক তাৰিলন্ত গায়ে গায়ে॥
তাসম্বাৰ শস্ত্ৰে তাৰ ক্ষত ভৈলা কাই।
ধাৰাসাৰে শোণিত ভূমিত বহি যাই॥
শোণিতত হন্তে ৰক্তবীজৰ পৰাই।
উপজিলা দৈত্য তাৰ সীমা সংখ্যা নাই।