পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
শ্ৰীশ্ৰীচণ্ডী।


যিতো দেবী গোসানীৰ শৰীৰ বজাই।
শিবক পাঞ্চিলা দূত দানবৰ ঠাই॥
আপুনি শিবক যাতো দূত কৰি লৈলা।
সিকাৰণে তান শিবদূতী নাম ভৈলা॥২৮
দৈত্যবৰ্গে শিবমুখে শুনি গৰ্ব্ব বাণী।
কোপে ধাইয়া গৈলা যৈত আচন্ত ভবানী॥২৯
দেবীক বেঢ়িয়া সবে দিলা শৰ ঝাক।
অস্ত্ৰে হাণি তাক দেবী কাটিলা সবাক॥
সমৰত অন্যে অন্যে কৰে সিংহনাদ।
ধনুৰ টঙ্কাৰ যেন বজ্ৰৰ সম্বাদ॥
ক্ষণেকতে শৰ বৃষ্টি চানে [*] দিশপাশ।
শৰকাটা গৈলে হোৱে ক্ষণেকে প্ৰকাশ॥৩০-৩১
সিবেলাত দেবীৰ আগত কালী মাৱে।
বধিলা বহুত দানবক শৰ ঘাৱে॥
খট্টাঙ্গৰ ঘায়ে কতত দৈত বধিলেক।
বৈষ্ণবীও চক্ৰ ঘায়ে বধিলা অনেক॥৩২
ব্ৰহ্মাণীও কুশ ধৰি মন্ত্ৰ উচ্ছাৰন্তে।
জল আনি প্ৰহাৰিলা কমণ্ডলু হন্তে॥
সেহি জল–বিন্দু পৰি দৈত্য আছে যত।
বল বীৰ্য্য হত হুয়া প্ৰাণে হৈলা হত॥
মহেশ্বৰী গোসানীয়ে হানিয়া ত্ৰিশূল।
অনেক দৈত্যক বধি কৰিলা নিৰ্ম্মুল॥


  • চানে—আবৰি ধৰে; ‘আচ্ছন্ন' সং।