পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩
শ্ৰীশ্ৰীচণ্ডী।


পাছে শিৱে গোসানীক বুলিলা বচন।
মোৰ প্ৰীতি সাধি সীঘ্ৰে মাৰা দৈত্যগণ॥২২
এত হন্তে মহা উগ্ৰ চণ্ডিৰ শকতি।
দেবীৰ দেহৰ হন্তে ভৈলা উতপতি॥
দুৰ্জ্জয় শৰীৰ অতি ৰূপ ভয়ঙ্কৰ।
সঙ্গত আৰাৱ কৰে শৃকাল বিস্তাৰ॥ ২৩
শিবক সম্বুদ্ধি তেন্তে বুলিলেক বাণী।
মোৰ দুত হয় প্ৰভু চলা শূলপাণি॥২৪
মহা অভিমানি শুম্ভ নিশুম্ভ প্ৰধান।
যুঝিবে আসিছে আনো দৈত্য যত মান॥
সিসবৰ কাছে গৈয়া আমাৰ আদেশ।
আগ পাছ দৰশায়া কাহিয়ো আসেষ॥২৫
তোৰাসবে জিবে লাগি কৰা যদি আশ।
তেবে স্বৰ্গ চাৰি পাতালত কৰা বাস॥
তিনিও লোকৰ ৰাজা হৌক পুৰন্দৰ।
দেবে ভুঞ্জন্তোক যজ্ঞ ভাগ নিৰন্তৰ॥ ২৬
তোমাৰ কুশল অৰ্থে বুলিলোহো হিত।
বলৰ দৰ্পত যদি তাকো দেখা তিত॥
যুঝিবাক লাগি তেবে আসিও সত্বৰ।
তোমাৰ মাংসক খাউক শৃগাল আমাৰ॥২৭
সুৰথ ৰাজাৰ আগে মেধস বদতি।
চণ্ডিকা শক্তিৰ কথা শুনি পশুপতি॥
সেহি আদেশক দৈত্য সমস্ত কাছে।
আপুনি শঙ্কৰে গৈয়া কহিল পাছে॥