পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
শ্ৰীশ্ৰীচণ্ডী।

আধাৰ-শকতি-ৰূপা তুমি জগতৰ।
অতি শান্তমতি ঘোৰ ধৰা কলেৱৰ॥
চেতনা শকতি বুদ্ধি ক্ষমা দয়া ছায়া।
ক্ষুধা তৃষা নিদ্ৰা লজ্জা কান্তি বিষ্ণুমায়া॥
ইসব নামক ধৰি ধৰি জগতৰ মাৱে।
সমস্তে প্ৰাণীতে থাকা ন মা তযু পাৱে॥
অধিষ্ঠাত্ৰী দেৱী তুমি ইন্দ্ৰিয়গণৰ।
চৈতন্য-স্বৰূপে আছা ব্যাপি চৰাচৰ॥
তোমাক সেবিলোঁ‌ চিৰকাল দেৱৰাজ।
স্মৰণ মাত্ৰতে সাধা দেৱতাৰ কাজ।
লভিয়া তোমাত হন্তে ইষ্ট প্ৰয়োজন।
তোমাকে সেবিলোঁ‌ আমি পূৰ্ব্বে দেৱগণ॥৯-৮ *
হদানীকে ঊৰ্দ্ধত দৈত্যৰ পীড়া পায়া।
প্ৰণামো ঈশ্বৰী তুমি কৰিয়োক দয়া॥
কুশলৰ হেতু তুমি অগতিৰ গতি।
আপদ নাশিয়া শুভ দিয়োক সম্প্ৰতি॥৮২


  • চণ্ডীত সাত শ’ শ্লোক থকাৰ উল্লেখ আছে। কিন্তু আচল

মতে হিচাব কৰিলে মুঠতে ৫৫০টি মান হে হয়। কিন্তু প্ৰাচীন সকলে সাত শ’ বুলি শুনি ঠিক সাত শ, মিলাবৰৰ কাৰণে একেটা শব্দকে বহু ঠাইত এটা শ্লোক ধৰিছে! এই খণ্ডত এক শব্দৰ শ্লোক বৰ বেছি- প্ৰায় ৬০টা মান-গুণেহে ইমান শ্লোকৰ পদ ইমান সংক্ষেপে হ'ল। আৰু চণ্ডীৰ পদত এইটি চাবলগীয়া কথা যে অন্য ঠাইৰ অনুবাদ ঠিক মূলানুযায়ী; কিন্তু স্তুতি-খণ্ডৰ পদত গ্ৰন্থকাৰে নিজৰ বহু কথা সুমাই দি মূলৰ মুঠতে সাৰ কথা খিনিহে দি থৈছে।