পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
শ্ৰীশ্ৰীচণ্ডী


আবাকে উপসি থাকি হওঁ সেনাপতি।
আজি ধৰি আমাৰ খণ্ডেক দুৰ্গতি॥
তিনি দৈত্যে এহিমতে লাগ লৈয়া তাৰ।
সবে মিলি মহা পীড়া দিলা দেৱতাৰ॥[১]

 যুদ্ধ হাৰি দেৱে স্বৰ্গ হন্তে হৈয়া ভ্ৰষ্ট।
দেৱীক স্মৰিবে লৈলা পায়া মহা কষ্ট॥৫
অন্য অন্য দেৱে বোলে নেদেখি উপায়।
একখানি কথা মাত্ৰ পাইলোঁ অবগাই॥[২]
বৰ দিলা ভগৱতী আমাক পূৰ্ব্বত।
বোলে মোক স্মৰিবেক আপদ কালত॥
তোমাৰ আপদ ময়ি নাশিবোহো তেৱে।
আকে জানি তাঙ্কে আমি সবে ভজোঁ এৱে॥৬
এহি চিন্তি দেৱবৰ্গে হিমালয়ে গৈলা।
তথাতে দেৱীক স্তুতি কৰিবাক লৈলা॥৭-৮
নমো নমো মহাদেৱী গৌৰী মহামায়া।
ভুমি নিত্য তুমি সত্য শঙ্কৰৰ জায়া॥
তুমি ৰাজলক্ষ্মী তুমি কান্তি চন্দ্ৰমাৰ।
দুখীক তুমিসে কৰা দুৰ্গতিৰ পাৰ॥
তুমি সিদ্ধি তুমি বৃদ্ধি তুমি দুঃখ-দাতা।
সমস্তৰে কৰ্ত্তা তুমি তগৱতী মাতা॥


  1. এই খণ্ড মূলৰ বাহিৰা কথা।
  2. অবগাই—সং “অবগাহি”ৰ পৰা—দকৈ ভাৱি চাই।