পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
শ্ৰীশ্ৰীচণ্ডী


 কহন্ত মধসে কথা সুৰথৰ কাছে।৮৩
এহিৰূপে দেৱগণে স্তুতি কৰি আছে॥
সিবেলাত সি থানক লাগিয়া পাৰ্ব্বতী।
আপুনি আসিলা গঙ্গা স্নানিবাক প্ৰতি॥৮৪
পাৰ্ব্বতী বদতি হেৰা শুনা দেৱঝাক।
ইঠাইতে তোৰা সবে স্তুতি কৰা কাক॥
এত হন্তে পাৰ্ব্বতীৰ দেহাৰ পৰাই।
এক জনা দেৱী জাত ভৈলা সেহি ঠাই॥
সেহি জনা দেৱী বোলে পুছিব নালাগে॥৮৫
দেৱ তাৰ কাৰ্য্য আমি জানি আছোঁ আগে॥
শুম্ভ নিশুম্ভৰ যুদ্ধে হাৰি দেৱ-ঝাক।
ৰাজ্যক হেৰাই স্তুতি কৰিছে আমাক॥৮৬
দেব-দেহাহন্তে তিন জনা ভৈলা ৰাজ।
তেহন্তে কৌষিকী নাম ভৈলেক প্ৰখ্যাত।৮৭
যেখানে কৌষিকী দেৱী ভৈলন্ত বাহিৰ।
কৃষ্ণ বৰ্ণ দেহা ভৈলা তেখনে দেৱীৰ॥
যিহেতু কালিকা নাম ভৈলেক তাহান।
হিমালয় পৰ্ব্বতত তেন্তে লৈলা থান॥৮৮
 পাছে অম্বিকায়ে দেৱ-কাৰ্য্য অনুসৰি।
তথাতে থাকিলা অতি দিব্য ৰূপ ধৰি॥
চণ্ড মুণ্ড নামে দুই দৈত্য সি বেলাত।
ভ্ৰমিয়া ফুৰন্তে তাঙ্ক দেখিলা তথাত॥৮৯
অদভুত ৰূপ দেখি সিটো দুই জন।
ৰজাত জনাইবা লাগি গৈলা তেতিক্ষণ॥