পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
শ্ৰীশ্ৰীচণ্ডী


দানব-সৈন্যৰ মাজে পশি সেহি চেগে।
তৃণক আগুনি যেন দহিলন্ত বেগে॥৫২
যুঝন্তে দেৱীয়ো যিটো নিশ্বাস তেজিলা।
সিয়ো সঙ্গে দেৱীগণ হুয়া উপজিলা॥
লক্ষে লক্ষে উপজিলা গণ অপৰ্য্যন্ত। ৫৩
গোঁসানীৰ তেজে পাছে ভৈলা বলৱন্ত॥
সি সবে পৰশু আদি নানা অস্ত্ৰ ধৰি।
বধিলা বহুত দৈত্য ঘোৰ যুদ্ধ কৰি॥৫৩
কতো গণসমে পশি যুদ্ধ মহাৰঙ্গে।
বজাইবে লাগিলা শঙ্খ-পটহ-মৃদঙ্গে॥৫৫
বৰষিয়া শক্তি আদি শূল গদা বাণ।
শত শত অসুৰৰ দেৱী লৈলা প্ৰাণ॥৫৬
প্ৰচণ্ড ঘণ্টাৰ কোবে কৰি বিমোহিত।
কতোহো দৈত্যক দেৱী পেলাইলা ভূমিত॥
কাকো পাশে বান্ধি দেৱী ঘোঁষাইলেক টানি।৫৭
খণ্ড খণ্ড কৰিলন্ত কাকো খড়গে হানি॥
ভূমিত পেলাইলা কাকো গদা ঘায়ে বান্তি।৫৮
কাবো জঘনক ভাঙ্গে কাৰো দন্ত-পান্তি॥
শূলৰ চোটত কাৰো ভৈলা তেজ বান্তি। [১]
শূলে হিয়া বিদাৰিলা কেহো পৰি গৈলা।
নিসন্ধি কৰিয়া কাকো শৰে হানি থৈলা॥
প্ৰাণক চাৰিয়া বহুতৰ দৈত্য-বীৰ।
কাৰো কাটা গৈল স্কন্ধ বাহু জঙ্ঘা শিৰ॥
আৰু দৈত্য অনেক কাটা গৈল শিৰ।৫৯-৬২
তথাপি উঠিলা ধৰি কবন্ধ-শৰীৰ॥৮৩


  1. পাঠান্তৰ-শূলৰ চোটত কাৰো ভৈলা তেজ বান্তি॥