পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
শ্ৰীশ্ৰীচণ্ডী


পঞ্চাশ অৰ্ব্বুদ ৰথ সঙ্গত ঘণ্টাই।
বিড়ালাক্ষ দৈত্য যুঝিবাক গৈলা ধাই॥৪৫
আনো বীৰ লৰি গৈলা অযুত নিযুত।
সবাৰো সঙ্গত চলে পদাতি বহুত॥৪৬
হাতী ঘোৰা ৰথ তাৰ সীমা সংখ্যা নাই।
সিসবে সমৰ দিলা গোঁসানীক পাই॥
চলিলা মহিষাসুৰ সমৰক মনে।
চৌপাশে আবৰি যাই মহাবীৰগণে॥৪৭
আগে পাছে কোটি কোটি সহস্ৰ অনেক।
গজ বাজি অপৰ্য্যন্ত ৰথ চলিলেক॥
দানব সকলে পাছে দিলেক সমৰ।
হানিলা পৰশু শূল মূষল তোমৰ॥
ভিন্দি পাল পট্টিশ খড়গক প্ৰহাৰিলা।
আনো দৈত্য ধনুকত টঙ্কাৰ কৰিলা॥
কেহো দৈত্য গোঁসানীক বধিবাক মনে।
খড়গখান প্ৰহাৰিলা পৰম যতনে॥
কেহোজনে শূলপাট হাতে তুলি আনি।
গোঁসানী দেৱীক প্ৰতি মাৰিলন্ত টানি॥৪৮-৪৯
যুজন্তে দেৱীৰ কিছু নাহিকে ভাগৰ।
দেৱ-মুনিগণে স্তুতি কৰিলা বিস্তৰ॥
সিটো দৈত্য সকলক সুদুৰ্ব্বল মানি।
অলক্ষিতে অস্ত্ৰ-শস্ত্ৰ হানিলা ভবানী॥৫০-৫১
দেৱীৰ বাহন সিংহে পাছে গৈলা ধাই।
অসুৰক প্ৰতি খঙ্গে কেশক কম্পাই॥