পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
শ্ৰীশ্ৰীচণ্ডী


অস্ত্ৰ-শস্ত্ৰ ধৰি সিটো কবন্ধ বিস্তৰ।
দেবীয়ে সহিতে সিটো কৰিলা সমৰ॥
সমৰত পশি আৰ বহুত কবন্ধে।
নাচিলা বাদ্যৰ চেৱ ধৰি নানা বন্ধে॥৬৪
কতো দানবৰ শিৰ কাটন্ত দুৰ্গাই।
তথাপিতো পুনু তাৰ শিব জোৰা যাই॥
শিৰ যোৰা গৈলে উঠি অস্ত্ৰক উচ্ছাই।
থাক থাক বুলি পুনঃ সমৰক ধাই॥৬৫
মায়বীৰ মায়াক দেৱীয়ে কৰি চূৰ।
দানব সেনাক পেশিলন্ত যমপুৰ। [১]
হয় হস্তী ৰথ পদাতিৰ শৱ পৰি।
নৰৰ দুৰ্গম সিটো ভৈলা বসুন্ধৰী॥৬৬
সিবেলা সৈন্যৰ মাজে বেগতে আছয়।
বহিবে লাগিয়া শোণিতৰ নদীচয়॥৬৭
সুখান তৃণক যেন প্ৰচণ্ড আগুনি।
ক্ষেণেকে দৈত্যৰ সেনা দহিলা পৰাণি॥৬৮
সিংহেয়ো চাবিলা নাদ কেশক কম্পাই।
যাকে শুনি দানবৰ ধাতু উৰি যাই॥৬৯
দেৱীৰ গণৰ যুদ্ধে দেৱ তুষ্ট ভৈলা।
আকাশত থাকি পুষ্প বৰষিবে লৈলা॥৭০
ইতি দেৱীমাহাত্ম্যে মহিষাসুৰ-সৈন্যবধঃ।


  1. এইখিনি মূলৰ বাহিৰা কথা।