পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
শ্রীশ্রীচণ্ডী।


সিয়ো জ্ঞান পশু-পক্ষী-মৃগাদিৰ থান।
যত বিষয়ৰ বোধ নুহি তত্ত্ব-জ্ঞান॥
আহাৰ-মৈথুন নিদ্ৰা-আদি-কৰ্ম্মচয়।
জ্ঞানৱন্ত হুয়া নৰে আকেসে কৰয়॥
সেহি কৰ্ম্ম আচৰয় পশু-পক্ষীগণে।
এতহন্তে জ্ঞানী তাক বোলে কোন জনে॥ ৪৪-৪৫
দেখা দেখা নৰেশ্বৰ ইটো পক্ষী যত।
সেহি জ্ঞান থাকিতেও মোহে হুয়া হত॥
ক্ষুধাই পীড়িত হই আপুনি নাখায়।
নিজ শিশুসমস্তক আহাৰ ভূঞ্জায়॥৪৬
মনুষ্যেও উপকাৰ পাইবে কৰি আশ॥
পুত্ৰক লাগিয়া কৰে বড় অভিলাষ॥
আপুনি কি নজানাস! কি কহিবোঁ আক।
জানিও নাপাৰে নৰে ধৈৰ্য্য ধৰিবাক॥৪৭
মাধৱৰ মহামায়া বলে জোড় নাই।
তেন্তে সমস্তক মোহ-গৰ্ত্তত ফেলাই॥
তথাতে মমতা নামে আছে চক্ৰপাক।
কাহাৰ শকতি আছে তাক তৰিবাক॥৪৮
নিজ বলে বিষ্ণু-মায়া জগত মোহয়।
সি কাৰণে নকৰিবা ইহাত বিস্ময়॥৪৯
জ্ঞানীৰ মনক মোহি-ভ্ৰমায়ে সংসাৰ।
সামান্য জনৰ কথা কি কহিবোঁ আৰ॥৫০
তেহেন্তেসে ইটো চৰাচৰ-সৃষ্টিকৰ।
বন্ধন-মোক্ষৰ হেতু নাহি তান্তপৰ॥৫১