পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
শ্ৰীশ্ৰীচণ্ডী


কোনে দেই এহিমত মদ-কষ্ট ঘোৰ।
কেনে একোমতে চিত্ত বশ্য নোহে মোৰ॥৩৫-৩৭
আৰো দেখা বৈশ্য ইটো পৰম উদাৰ।
ভাৰ্য্যা-পুত্ৰগণে আক দিলেক নিকাৰ॥
তেজিলে বান্ধবে তভো নোপোজে বিবেক।
তাসম্বাতে কৰে মাত্ৰ স্নেহ অতিৰেক॥৩৮
এহিমতে বড় দুঃখ পায়ে দুইজনে।
দোষক দেখিয়া তাকে ন ধৰোঁহো মনে॥৩৯
অজ্ঞানীৰ হোয়ে মোহ হৈবাক উচিত।
জ্ঞানীৰো উপজে মোহ কিনো বিপৰীত॥
ইহাৰ কাৰণ কহিয়োক মহামানী।৪০
ঋষিয়ে বোলন্ত আক নোবোলয় জ্ঞানী॥৪১
বিষয়ৰ জ্ঞানে মোহ নপাৰে খণ্ডিতে।
পৰমাৰ্থ জানিলেসে হোয় পণ্ডিতে॥
সমস্ত জন্তুৰ আছে বিষয়ত জ্ঞান।
পৃথকে পৃথকে শুনা যাৰ যত স্থান॥৪২
ফেঞ্চা-আদি কৰি জীৱজন্তু অসংখ্যাত।
দিনত নেদেখে কিন্তু দেখয় নিশাত॥
নিশাত নেদেখে কাক-আদি জন্তুচয়।
কেবলে দিনত মাত্ৰ সিসবে দেখয়॥
ব্যাঘ্ৰক প্ৰমুথে জন্তু শৃগাল-বিড়াল।
কিবা দিবা কিবা ৰাত্ৰি দেখে সৰ্ব্বকাল॥ ৪৩
ইসব জন্তুৰ কিন্তু আছে অতিৰেক।
স্বৰূপত মানুষৰ আছয় বিবেক॥