সমললৈ যাওক

পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
শ্রীশ্রীচণ্ডী।


তান অনুগ্ৰহ ভৈলে সংসাৰক তৰি।
ব্ৰহ্মা-আদি-দেৱতাতো তেহন্তে ঈশ্বৰী॥৫২
ৰাজায়ো বোলন্ত কাক বোলে মহামায়া।
কেনমতে ভৈলা জাত কহিয়ো বুজায়া॥
তান ৰূপ কেনমত কোন কৰ্ম্ম কৰে।
কি মত স্বভাৱ কাতহন্তে জন্ম ধৰে॥
দেৱৰ তত্ত্বক জানা সবে মহামুনি।
কহিয়ো ইসব কথা আমি থাকোঁ শুনি॥৫৩-৫৫
 মেধস বদতি তান উতপত্তি নাই।
নিত্য বস্তু মহামায়া আছন্ত সদাই॥
সমস্তকে ব্যাপি আছে দেৱী ভগৱতী।
তথাপি বহুত কয়োঁ তান উতপত্তি॥৫৬-৫৭
দেৱতা-বৰ্গৰ কাৰ্য্য সাধিবাক প্ৰতি।
যি বেলাত যি ৰূপ ধৰন্ত পাৰ্ব্বতী॥
সিবেলাত সেহিৰূপে জন্ম বোলে তাক।
হেনয় জন্মৰ কথা কহোঁ শুনিয়োক॥৫৮
 যৈসানি ব্ৰহ্মাৰ কল্প ভৈলা অবসান।
সাত সমুদ্ৰৰ জল ভৈলা এক থান॥
তৈসানি বিষ্ণুৰ কৰ্ণহন্তে মল আনি।
প্ৰলয় জলৰ মাঝে খেপিলা ভবানী॥
পাছে সেহি কৰ্ণ-মল ভৈলা দুই খণ্ড।
তাতহন্তে ভৈলা পাছে অসুৰ প্ৰচণ্ড॥
মধুৰ বৰণ আঁখি দেখি মনোহৰ।
সেহিসে কাৰণে মধু নাম ভৈলা তাৰ॥