পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৸৹

 কবিয়ে ৰুদ্ৰসিংহ মহাৰাজৰ সিংহাসন প্ৰাপ্তিৰ পাছত গ্ৰন্থ লেখে। ৰুদ্ৰসিংহ ৰজা হয় ১৬১৭ শকাব্দত (১৬৯৫ খৃঃ)। মহাৰাজাই নি ৰংপুৰত স্থাপন কৰা কৃষ্ণাচাৰ্য্যৰ পুতেক কবিয়ে যি একাশী শকত কিতাপ লেখে সি ১৬৮১ শকাব্দই হব। গতিকে এই পদ কৰাৰ সময় ১৬৮১ শকাব্দ বা ১৮৫৯ খৃষ্টাব্দ;—ৰাজেশ্বৰসিংহ স্বৰ্গ দেৱৰ সময়।

 গ্ৰন্থত কবিৰ সমসাময়িক ৰজা বা কোনো ৰাজ-পুৰুষৰ একো উল্লেখ নাথাকাৰ পৰা বুজা যায়, তেওঁ কোনো ৰাজ অনুগ্ৰহ পাই পুথি লিখা নাছিল। অনুৰাগ হেতুকেই এই গ্ৰন্থ লিখিছিল।

কবিৰ কবিত্ব

 ৰুচিনাথ এজন নিপুণ কবি। সংস্কৃত ভাষাত তেওঁৰ বিশেষ ব্যুৎপত্তি আছিল। চণ্ডীৰ পদ বিলাক মূলানুগত। মূলৰ কথা ভাৱ আৰু অৰ্থ ঠিক ৰাখি পদ্যত অনুবাদ কৰা সহজ কথা নহয়। যি কথা মূলৰ পৰা বুজিব নোৱাৰি, অৰ্থাৎ উপাখ্যানটো পূৰা নহলে, কবিয়ে তাত কালিকা পুৰাণ, ব্ৰহ্মবৈবৰ্ত পুৰাণ আদিৰ কথা আনি যোগ দি দিছে।