পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৸৴৹

 এই দৰে যোগ দিয়া কথা কোন খিনি, মূলৰ কথাই বা কোন ডোখৰ তাক বুজিবৰ সুবিধা কৰি, মূল শ্লোকৰ অনুবাদত আমি শ্লোকৰ সংখ্যা দি দেখুৱাই দিছোঁ; আৰু যোগ দিয়াখিনিত তেনে সংখ্যা দিয়া নাই।

 কবিৰ কবিত্বৰ কেইটামান নমুনা তলত দিয়া হলঃ—

মূলৰ লগত মিলঃ—

প্ৰথম মাহাত্ম্য

 মাৰ্কণ্ডেয় উবাচঃ—
মূল—সাবৰ্ণিঃ সূৰ্য্য-তনয়ো যো মনুঃ কথ্যতেহষ্টমঃ।
নিশাময় তদুৎপত্তিং বিস্তবাত গদতো মম॥২
মহামায়ানুভাবেন যথা মন্বন্তৰাধিপঃ
স বভূব মহাভাগঃ সাবৰ্ণিস্তনয়ো ৰবেঃ॥৩
পদ— ভাগুৰিব আগে মাৰ্কণ্ডেয় নিগদতি।
অষ্টম মনুৰ জন্ম কহিবো সম্প্ৰতি॥১
নামত সাবৰ্ণি তেন্তে সূৰ্য্যৰ তনয়।
দেবীৰ প্ৰসাদে মনু ভৈল যেন নয়॥২
প্ৰপঞ্চ কৰিয়া কহো সি সব আখ্যান।
শুনিয়ো ভাগুৰি তুমি হুয়ো সাবধান॥ ২