পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
।৶৹

 সেই সময়ত মহাৰাজ গদাধৰ সিংহৰ পুতেক মহাৰাজ ৰুদ্ৰসিংহ ৰজা হয়। ৰজা হৈ তেওঁ ৰংপুৰত নতুনকৈ নগৰ পাতে আৰু তালৈ বহুত বামুণ নি বসতি কৰিবলৈ সুবিধা কৰি দিয়ে। এই ব্ৰাহ্মণসকলক মহাৰাজাই যথেষ্ট বৃত্তি বিধান দিছিল। সেই বামুণবিলাকৰ ভিতৰত কৃষ্ণাচাৰ্য্য প্ৰধান আছিল। এওঁ ৰুক্মিণী দেৱীক বিয়া কৰায়।

 এওঁলোকৰ গুণী পুত্ৰই চণ্ডীৰ কবি ৰুচিনাথ বিপ্ৰ। কবিয়ে চণ্ডী লেখাৰ পূৰ্বে কল্কি পুৰাণৰ পদ কৰা বুলি লেখিছে। এই পুথিও আমি দেখা নাই।

কল্কি পুৰাণৰ পদ কৰিলোহাঁ আগে।
ৰচিলো চণ্ডীৰ পদ আবে অনুৰাগে।

(৫)

কবিৰ সময়

 কবিয়ে চণ্ডীৰ পদ ‘একাহি’ শকত সমাপ্ত কৰে।

চণ্ডীব চৰণ চিন্তি মই মূঢ়মতি।
একাহি শকত পদ লেখিলোঁ সম্প্ৰতি॥

 এই একাহি শব্দ একাশীৰ ৰূপান্তৰ মাত্ৰ। একাশী শকৰ লগত শতাব্দী দিয়া নাথাকিলেও তাক নিৰ্ণয় কৰা সহজ।