পূৰ্ব্বতো আছিলা স্বায়ম্ভুব মনু নাম।
ৰাম-ৰাবণৰ ভৈলা তৈসানি সংগ্ৰাম॥
যিবেলা দক্ষিণায়ন দেবতাৰ ৰাত্ৰি!
নিদ্ৰা গৈয়া আছিলন্ত দেবতাৰ মাতৃ॥
দুৰ্জ্জয় ৰাবণ-বীৰ বধন নজাই।
দেখি ৰাঘবৰ হিত সাধিয়া ব্ৰহ্মাই॥
ৰাবণ বধ পাছে চিন্তিয়া উপাই।
অকালত গোসানীক জগাইলন্ত জাই॥
আশ্বিনৰ শুক্লা প্ৰতিপদ আসি ভৈলা।
নিদ্ৰা চাৰি গোসানীয়ে লঙ্কা লাগি গৈলা॥
অন্তৰ্দ্ধান হুয়া থাকিয়া দিলা মাত।
ৰাম ৰাবণৰ যুদ্ধ কৰিলা লঙ্কাত॥
ৰাক্ষসৰ বাণ যুদ্ধে মৰিলা যতেক।
সিসবৰ তেজ মাংস দেবী ভুঞ্জিলেক॥
সেহি সাত দিবসত দেবতা যতেক।
উপহাৰ দিয়া গোসানীক পূজিলেক॥
নবম দিনত পাছে দেবীও তথাতে।
মাৰাইলন্ত ৰাবণক ৰাঘবৰ হাতে॥
সেহি নব দিনত সমস্ত দেৱ ঝাক।
পূৰ্ব্বাতে বিশেষ কৰি দেবী পূজিলেক॥
দশমীত গোসানীক বিসৰ্জ্জন কৰি।
দেবগণে স্বকি স্বকি স্থানে গেলা চলি॥
যিবেলা ৰাবণ সমে ৰামে কৰে ৰণ।
সিবেল ভৈলন্ত ভয়াতুৰ দেবগণ॥
পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/১২৬
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৪
শ্ৰীশ্ৰচণ্ডী।