পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৩
শ্ৰীশ্ৰীচণ্ডী।

পুনু ক্ষীৰ সমুদ্ৰৰ উত্তৰ তীৰত।
ভদ্ৰকালী ৰূপ ভৈলা দ্বিতীয় সৰ্গত॥
মহিষাসুৰৰ হন্তে দেবে পীড়া পাই।
আশ্বিনৰ কৃষ্ণা চতুৰ্দ্দশীত তথাই॥
গোসানীক জগাইলন্ত স্তুতি নতি কৰি।
বধিলা মহিষ তেন্তে ষোল্ল ভুজ ধৰি॥
তৃতীয় সৰ্গত হিমালয়ৰ কাচত *।
দুৰ্গাৰূপে দশভুজা ভৈলেক তথাত॥
কাত্যায়ন-আশ্ৰমত তেবে ভৈলা জাত।
সি কাৰণে কাত্যায়নী নাম ভৈলা খ্যাত॥
আশ্বিন মাসৰ শুক্লা সপ্তমী তিথিত।
দেবতাৰ তেজহন্তে ভৈলেক বিদিত॥
অষ্টমীত দেবে তাঙ্ক দিলা অলঙ্কাৰ।
নবমীত পূজিলন্ত দিয়া উপহাৰ॥
সেহি দিনে সময়ত দৰ্প কৰি চুৰ।
মহিষাসুৰক দেবী নিলা যমপুৰ॥
দশমীত তাঙ্ক বিসৰ্জ্জিলা দেবগণে।
পাছে চলি গৈলা সবে আপোন ভুবনে॥
এহিমতে দেবী তিনি অবতাৰ ধৰি।
মহিষাসুৰক নিলা যমৰ নগৰী॥
পুনৰপি দেব শত্ৰু কৰিয়া সংহাৰ।
কহিবো বৈষ্ণবী নামে সিতো অবতাৰ॥


  • কাচত -ওচৰত। বঙালি, কাছ, ওচৰ