পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৫
শ্ৰীশ্ৰীচণ্ডী।


হেন দেখি ইন্দ্ৰে পাছে বিষ্ণুৰ আদেশে।
সিতো দেবতাৰ সেনাগণ সাৱশেষে॥
লঙ্কা নগৰৰ সসন্যত * নিয়া থৈলা।
যুদ্ধত ৰাবণ বীৰ যেবে হত ভৈলা॥
তেবে দশমীত সিতো দেব সেনাবৰ্গে।
নিৰাজন + কৰি ইন্দ্ৰে চলি গৈলা স্বৰ্গে॥
এহিমানে থৈলো ইতো কথা পুৰাণৰ।
নিৰন্তৰে নৰে বোলা ভবানী শঙ্কৰ॥


  • সসন্যা -কি অৰ্থ?
  • নিৰাজন-কি অৰ্থ?