পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০২
শ্ৰীশ্ৰীচণ্ডী।

এহিমানে সাবৰ্ণিক মনুৰ আখ্যান।
পৰম পবিত্ৰ কথা ভৈলা অবসান॥

 কালিকা পুৰাণ চাই কৰিয়া বিচাৰ।
প্ৰসঙ্গত কহো দুৰ্গা আদি অবতাৰ॥
পূৰ্ণিমা তিথিত পূৰ্ব্বে আষাঢ় মাসৰ।
দক্ষে যজ্ঞ আৰম্ভিলা বাঢ়য় বৎসৰ॥
দক্ষৰ দুহিতা সতী শঙ্কৰৰ জায়া।
বজ্ঞ চাহিবাক লাগি গৈলা মহামায়া॥
সমস্তে দেবব তাত দক্ষে ভাগ দিলা।
দ্বেষ কৰি শঙ্কৰৰ ভাগ নকৰিলা॥
স্বামীৰ নেদেখি ভাগ পাইয়া অপমান।
শোকে দুখে কোপে সতী চাৰিলা পৰাণ॥
দক্ষৰ যজ্ঞক গৈলা বিনাসিতে প্ৰতি।
উগ্ৰ চণ্ডাৰূপে অবতাৰ ভৈলা সতী॥
আশ্বিন মাসৰ কৃষ্ণা নবমী তিথিত।
উপজিলা দেবী কোটি যোগিনী সহিত॥
অষ্টাদশ ভুজা দেবী কৰি আতি খঙ্গ।
শঙ্কৰে সহিতে কৰিলেক যজ্ঞ ভঙ্গ॥
ক্ৰোধ শান্ত ভৈলা পাচে জানি দেবগণে।
বিধিবতে গোসানীক পুজিলা তেখনে॥
মহিষাসুৰক তেন্তে প্ৰথম সৰ্গত।
শূলে হিয়া বিদাৰিয়া কৰিলন্ত হত॥