পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

উপসংহাৰ

 মাৰ্কণ্ডেয় পুৰাণৰ স্তব সপ্তশতী।
দেবীৰ মহিমা কথা ভৈলা সমাপতি॥
প্ৰকৃতি খণ্ডক চাই কৰিয়া উদ্ধাৰ।
নিবন্ধিলো এহি কথা বৈশ্যৰ ৰাজাৰ॥
যি বেলাত ভগবতী অন্তৰ্দ্ধন ভৈলা।
পাচে দুয়োজনে সিতো মুৰ্ত্তি তুলি লৈলা॥
বিসৰ্জ্জন কৰি সেহি প্ৰতিমা দুখানি।
গহিন জলৰ মাঝে ক্ষেপিলন্ত টানি॥
জলত ভ্ৰমিয়া মূৰ্ত্তি তল গৈলা যেবে।
দেখি দুয়োজনে কান্দিবাক লৈলা তেবে॥
অনন্তৰে সমাধিয়ে পুস্কৰক যাইয়া।
তপ কৰি গতি পাইলা তেজি নৰ-কায়া॥
সুৰথেও গৈয়া পাছে ৰাজ্যে আপোনাৰ।
অকণ্টকা পৃথিবীৰ ভৈলা অধিকাৰ॥
ভোগক ভুঞ্জিয়া ষষ্টি হাজাৰ বৎসৰ।
আপোন পুত্ৰক ৰাজ্য দিলা তাত পৰ॥
পুস্কৰত কৰি তপ ৰাজা মহাবীৰ।
নিজ কৰ্ম্ম অবসানে চাৰিলা শৰীৰ॥
পাছে কাল অনুসৰি পুনু হৈব জাত।
হৈবন্ত অষ্টম মনু দেবীৰ কৃপাত॥