পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০০
শ্ৰীশ্ৰীচণ্ডী।

শুনিয়োক বৈশ্য জ্ঞান হুইবেক তোমাৰ।
হৈব সিদ্ধি যেন মত বাঞ্ছা আপোনাৰ॥ ২৩-২৪
মাৰ্কণ্ডেয় নিগদতি শুনা মুনিবৰ।
দুহন্তকো গোসানীয়ে দিলা এহি বৰ॥
গোসানীক স্তুতি কৰিলন্ত দুয়োজন।
ভবানীয়ো অন্তৰ্দ্ধান ভৈলা সেহি স্থান॥২৫-২৭
এহিমতে চৈত্ৰ বংশী সুৰথ ৰাজাই।
এক মনে দেবী আৰাধন্তে বৰ পাই॥
সূৰ্য্যহন্তে পাচে জন্ম লভি অনুপাম।
হৈবেক অষ্টম মনু সাবৰ্ণিক নাম॥