পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৷৶৹

চণ্ডী গ্ৰন্থৰ উৎপত্তি

 অতীতত ব্যাস দেৱৰ জৈমিনি নামে এজন শিষ্য আছিল। তেওঁ ব্যাসদেৱৰ ওচৰত অধ্যয়ন কৰি বেদ-বেদাঙ্গাদি সকলো শাস্ত্ৰ পাৰদৰ্শী হয়। কোনো এক সময়ত মহাভাৰতৰ কোনো কোনো কথা তেওঁৰ মনত সন্দেহ উপস্থিত হয় আৰু তাৰ ভঞ্জনৰ হেতু ব্যাসদেৱৰ সমীপ চাপিবলৈ ইচ্ছা কৰে। কিন্তু গুৰুক সহজে লাগ ধৰিব নোৱাৰি মাৰ্কণ্ডেয় মুনিৰ ওচৰ চাপি কলে, “মহাত্মন্, আপোনাৰ পৰা মই কেইটিমান কথাৰ সিদ্ধান্ত পাম বুলি আশা কৰি ইয়ালৈ আহিছোঁ। এতিয়া আপুনি অনুগ্ৰহ কৰি মোৰ এই প্ৰশ্ন কেইটিৰ সমাধান দিয়ক। মোৰ প্ৰথম প্ৰশ্ন এই যে, ভগবান ত্ৰিভুবনৰ অধিপতি আৰু সৰ্বশক্তিমান হৈয়ো কি নিমিত্তে মানবৰূপে পৃথিবীত অৱতীৰ্ণ হৈছিল। ইয়াত বাহিৰে মোৰ আন আন প্ৰশ্নও আছে।”

 জৈমিনিৰ কথা শুনি মাৰ্কণ্ডেয় মুনিয়ে কলে যে তেওঁৰ সময় নাই। কিন্তু জৈমিনি বিন্ধ্য পৰ্বতলৈ যাক। তাত মুনিকুমাৰ চাৰিজন পিতৃশাপত পক্ষী-ৰূপ ধৰি আছে। তেওঁলোকে জৈমিনিৰ প্ৰশ্নৰ উত্তৰ দিব পাৰিব।