পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/১০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৷৵৹

শঙ্খ-চক্ৰ-গদা-শাৰ্ঙ্গ গৃহীত-পৰমায়ুধে।
প্ৰসীদ বৈষ্ণবীৰূপে নাৰায়ণি নমোহস্তুতে॥
গৃহীতোগ্ৰমহাচক্ৰে দংষ্ট্ৰোদ্ধৃ তবসুন্ধৰে।
বহ ৰূপিণি শিবে! নাৰায়ণি নমোহস্তুতে॥

 ধৰ্মদ্বেষী আৰু ন্যায় বিৰোধী দৈত্য দানৱ আদিৰ পৰা যি সমবত ধৰ্ম আৰু সৎপথত বাধা উপস্থিত হয়, সেই সময়ত এওঁ আবিৰ্ভূত হৈ সকলো বিপদ বিঘিনি দূৰ কৰে।

ইথং যদা যদা বাধা দানবোথা ভবিষ্যতি।
তদা তদাবতীৰ্য্যাহং কৰিষ্যামৰি সংক্ষয়ম্॥

 ইন্দ্ৰকে আদি কৰি দেৱতা সকলে দেবী স্তুতি কৰিছিল এইদৰে,

 হে দেবি! তুমি সমস্ত জগতৰে মূল কাৰণ, এই বিশাল বিশ্বৰ ধৰণী, আৰু এই অসীম বিশ্ব ব্ৰহ্মাণ্ড তোমাৰ ব্যাপক মূৰ্তিৰ এটা অংশহে মাথোন। তোমাৰ তত্ব আমি নালাগে ব্ৰহ্মা বিষ্ণু মহেশ্বৰেও বুজা টান। তুমি অচিন্ত্য। তুমিয়েই আদ্যা প্ৰকৃতি।

হেতুঃ সমস্ত জগতাং ত্ৰিগুণাপি দৌষেঃ
ন জ্ঞায়সে হৰিহৰাদিভিৰপ্যপাৰা।
সৰ্বাশ্ৰয়াখিলমিদং জগদংশ-ভূতম্
অব্যাকৃতাহি পৰম প্ৰকৃতিস্ত্বমাদ্যা॥