পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
॥৹

 জৈমিনি বিন্ধ্য পৰ্বতলৈ গল। আৰু পক্ষীৰূপী মুনিকুমাৰ সকলক লগ ধৰি সকলো কথাৰ উত্তৰ পালে আৰু তেওঁৰ সন্দেহ দূৰ হল।

 সেই মুনিকুমাৰ চাৰিটিৰ নাম, পিঙ্গাখ্য, বিৰাধ, সুপুত্ৰ আৰু সুমুখ আছিল। তেওঁলোকে এই প্ৰসঙ্গতে চতুৰ্দশ মনুৰ কথা কৈছিল।

 তাতে মুনিকুমাৰ সকলে এই কথাটোও কৈছিল। এই কথা ভাগেই মূল চণ্ডী গ্ৰন্থ।

 স্বাৰোচিষ নামেৰে দ্বিতীয় মনুৰ দিনত চৈত্ৰ নামেৰে এজন ক্ষত্ৰিয় ৰজা আছিল। তেওঁৰ বংশত সুৰথ ৰজাই জন্ম গ্ৰহণ কৰে। সুৰথে মেধস মুনিৰ উপদেশ মতে আদ্যাশক্তি দুৰ্গা দেবীৰ উপাসনা কৰে। আৰু দেবীৰ বৰত সূৰ্য্যৰ সবৰ্ণা নামে ভাৰ্য্যাৰ গৰ্ভত উপজি সাবণি নামেৰে অষ্টম মনু হয়।


চণ্ডীৰ পদ

 প্ৰাচীন কামৰূপীয় কবি সকলে অনেক সংস্কৃত গ্ৰন্থ নিজ ভাষাত অনুবাদ কৰিছিল। চণ্ডীৰ দৰে মূল্যবান ধৰ্ম গ্ৰন্থ তেওঁলোকৰ দৃষ্টিত নপৰা কৈ থাকা অসম্ভৱ। কিন্তু বৰ্তমান যি পদ প্ৰকাশ কৰা