পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬
শ্ৰীশ্ৰীচণ্ডী।

শৰে হানি খড়্গ চৰ্ম্ম কৰি থান থান।১৬-১৭
সাৰথি সহিতে ঘোটকৰো লৈলা প্ৰাণ॥
দেবীক বধিতে দৈত্যে তুলিলা মুদগৰ।১৮
ছেদিলা দেবীয়ে তাক হানি বহু শৰ॥
তথাপিতো মুষ্টি ধৰি দৈত্যে গৈলা ধাই।১৯
দেবীৰ হিয়াত মুষ্টি বৈসাইলেক যাই॥
দুৰ্গায়ো হিয়াত তাৰ দিলা চাপৰেক।২০
পীড়া পায় শুম্ভে পৃথিবীত পৰিলেক॥
তেতিক্ষণে শুম্ভে উঠি গোসানীক ধৰি।২১
তাঙ্ক লৈয়া আকাশক গৈলা ৰব কাৰি॥
শূন্যত থাকিয়া দুৰ্গা দানব সহিতে।
চিৰ কাল বাহু যুদ্ধ কৰিলা তহিতে॥২২
অদ্ভুত কৰ্ম্মক দেখি সিদ্ধ মুনিচয়।
মনত ভৈলেক আতি পৰম বিস্ময়॥২৩
কতত বোলি গোসানীয়ে তাৰ ছিদ্ৰ পাই।
শুম্ভক তুলিলা উপৰক আলগাই॥
আকাশত বহু পাক তাক ফুৰাইলন্ত।
পৃথিবীক লাগি পাছে ক্ষেপিয়া পঠান্ত॥২৪
ভুমিত পৰিয়া শুম্ভে দৃঢ় মুষ্টি ধৰি।
দেবীক বধিতে ধাইলা উঠি বেগ কৰি॥২৫
ধায়া আসে দেখি দৈত্য দেবীও ত্বৰিত।
শূলে হিয়া বিদাৰিয়া পেলাইলা ভুমিত॥২৬
প্ৰাণ চাৰি শুম্ভে যেবে ভূমিত পৰিলা।
সাগৰ পৰ্ব্বত সমে পৃথিবী লৰিলা॥