পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্রীশ্রীচণ্ডী।
৮৫

এবে থিয় হুয়া তুমি কৰিও সমৰ।
ঋষি বোলে পাছে কথা শুনা নৰেশ্বৰ॥৯
দুহন্তৰ ঘোৰ যুদ্ধ লাগি গৈলা পাছে।
দেবাসুৰগণে সবে ৰঙ্গ চাহি আছে॥১০
দুয়ো ঘোৰ অস্ত্ৰ শস্ত্ৰ হানিলা অপাৰ।
যুদ্ধ দেখি ভয় ভৈলা সমস্ত লোকৰ॥১১
দেবীয়ে হানিলা যত দিব্য অস্ত্ৰ ঝাক।
নিজ দিব্য অস্ত্ৰে শুম্ভে নিবাৰিলা তাক॥১২
শুম্ভেও হানিলা যত দিব্য অস্ত্ৰ চয়।
নিজ অস্ত্ৰে তাৰ দেবী কৰিলা প্ৰলয়॥১৩
অগনিক বৰুণৰ অস্ত্ৰে নিবাৰিলা।
বায়ুক পৰ্বত বাণে নিবাৰিয়া থৈলা॥
বৰুণ বাণক বায়ু বাণে নিবাৰিলা।
এহি মতে অন্যে অন্যে অস্ত্ৰ নষ্ট ভৈলা॥
হুঙ্কাৰ শবদে কতো কতো হানি বাণ।
দেবীয়ে নাশিলা তাৰ অস্ত্ৰ যত মান॥
পাছে শুম্ভে শৰ বৃষ্টি কৰিল অপাৰ।
ক্ৰোধিয়া দেবীয়ে ধনু কাটিলেক তাৰ॥
অনন্তৰে গোসানীয়ে শৰ বৃষ্টি কৰি।
দানবৰ শৰ বৃষ্টি নিলেক সংহৰি॥১৪
ধনু কাটা গৈলা শুম্ভে শক্তি লৈলা তুলি।
হাতত কাটিলা তাক দেবী চক্ৰে হানি॥১৫.
খড়্গ চৰ্ম্ম ধৰি পাছে ধাইলা দৈত্যপতি।
পথত আসন্তে তাক দেখি ভগবতী॥