এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৭
শ্রীশ্রীচণ্ডী।
শুনিয়োক সভাসদ চিত্ত কৰি স্থিৰ।
ৰচিলো চণ্ডীৰ পদ কথা ভবানীৰ॥
শুম্ভ আৰ দানবৰ জন্ম কৰ্ম্ম যত।
সিটো কথা আচয় বামণ পুৰাণত॥
তাকে চাই আত কিছো দিল মিসলাই।
পদ বাহুল্যক, ভয়ে নলেখিলো মই॥
নিৰন্তৰে আছা যত সামাজিক প্ৰাণী।
আক শুনি শিব দুৰ্গা ঘুষিয়োক চানি।
⸻
ছৱি॥
যি বেলাত নিশাচৰে, দাৰুণ সমৰ কৰে,
ভৈলা উতপাত সিবেলাত।
উল্কা পৰে ঘনে ঘন, আকাশত মেঘ গণ,
দেখয় দৈত্যৰ যে বিঘাত॥
নদী নদ সমুদাই উভতিয়া বহি যাই
চাৰিলেক পথ আপোনাৰ।
কাৰো নাই সুখ শান্তি, সূৰ্য্যেও নকৰে কান্তি
দশোদিশ দেখি অন্ধকাৰ॥
অগনিয়ো পূৰ্ব্ববত, নজ্বলয় সিঠায়ত,
মহাভয় লোকত দেখায়ে।
অমঙ্গল লোক ঠিশ,[১] শব্দ কৰে দশো দিশ;
নিৰ্ঘাত পৰয় ঠায়ে ঠায়ে॥
- ↑ ঠিশ—কি অৰ্থ?