পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩
শ্ৰীশ্ৰীচণ্ডী।


মহা বেগে আসন্তে পথতে খড়্গ ঘায়ে।
ভাৰ গদা গোট শীঘ্ৰে কাটিলন্ত মায়ে।৩৩
তভো ধায়া গৈলা সিতো শূলক উচ্ছায়া।
দেবীয়ো হানিলা বেগে শূলক ভ্ৰমায়া॥
সেহি শূলে হৃদয়ক বিদাৰিলা তাৰ।৩৪
হৃদি হন্তে বাঝ ভৈলা পুৰুষেক আৰ॥
থাক থাক বুলি সিটো বাঝ হন্তে আছে।
দেখি দেবী খলখলি হাসিলন্ত পাছে॥
বঝাইবে নপাইলা দানবৰ সৰ্ব্বকায়।
তবে খড়্গে হানি শিৰ ছেদিলা দুৰ্গাই॥
ঢলিয়া নিশুম্ভ পাছে ভুমিত পৰিলা।৩৬
দানবী দলত পাছে প্ৰলয় মিলিলা॥
সিবেলাত কৌমাৰীয়ে শক্তিক প্ৰহাৰি।
অনেক দৈত্যক কৰিলন্ত মহা মাৰি॥
ব্ৰহ্মাণীয়ে মন্ত্ৰ পঢ়ি সিঞ্চিলন্ত জল।
তাতে নষ্ট ভৈলা কতো দানব সকল॥
শূল ঘায়ে কাকে বিদাৰিলা মহেশ্বরী।
ইন্দ্ৰাণীৰ বজ্ৰঘায়ে কেহো গৈলা মৰি॥
বৈষ্ণবীয়ে লাগ পাইলা যত দৈত্য মান।
চক্ৰে হানি তাক কৰিলেক খান খান॥
বাৰাহীৰ তুণ্ড ঘায়ে কেহো ভৈলা চুৰ।
ৰণ চাৰি কতো দৈত্য পলাই গৈলা দূৰ॥
যুদ্ধত দানব বৰ্গ বধিলা অনেক।
শিবদূতী মায়ে কতো শব ভুঞ্জিলেক॥
সিংহেও ভুঞ্জিলা কতো গলত কামুৰি।
চামুণ্ডায়ে কতো দৈত্য খাইলেক কামুৰি॥৩৭-৪১

ইতি নিশুম্ভ বধ।