পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দশম মাহাত্ম্য।
শুম্ব বধ
মেধস বদতি কথা শুনা মহাৰাই।
মৰিলা নিশুম্ভ বীৰ প্ৰাণ সম ভাই॥
সৈন্যৰ বিপত্তি দেখি কোপ কৰি আতি।
বুলিবে লাগিলা শুম্ভে গোসানীক মাতি॥১-২
কিসক বৃথারে গৰ্ব্ব কৰস পাৰ্ব্বতী।
মাৰিলি নিশুম্ভ মোৰ ভাতৃ মহামতি॥
মাতৃ সমস্তক লগে কৰিয়া সহাই।
যুদ্ধ কৰা তাতে তোৰ এতই বঢ়াই॥৩
দেবীয়ো বোলন্ত অৰে দানব দুৰ্ব্বাৰ।
ইতো জগতত কোন আছে মোত পৰ॥
মোহোৰ বিভুতি ইতো যত চৰাচৰ।
মোহোৰেসে কাৰ্য্য ইতো মাতৃ নিৰন্তৰ॥
সাক্ষাতে দেখিও আত নাহিকে সংশয়।
এতিক্ষণে মাতৃগণ মোত যাইবে লয়॥৪-৫
ঋষি নিগদতি কথা শুনা মহাশয়।
ব্ৰহ্মাণীক আদি কৰি পাছে মাতৃচয়॥
দেবীৰ দেহাত আসি সবে লয় ভৈলা।৬
একেশ্বৰী হৈয়া দেবী বুলিবাক লৈলা॥
যতেক বিভুতি ৰূপ দেখিলি আমাৰ।
ভৈলো একেশ্বৰী আবে কৰিও সংহাৰ॥৭-৮