পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
শ্ৰীশ্ৰীচণ্ডী


পাচে শুম্ভে শক্তি গোট পঠাইলেক টানি।
অগনিৰ কুণ্ড যেন জ্বলি আসে চানি॥২৫
সিবেলা শুম্ভৰ অমঙ্গলক দেখাই।
বৰ উল্কা এক গোট পৰিলা তথাই॥
নাশিলা শক্তিক তাৰ সেহি উল্কা গোটে।
তেবে শুম্ভে সিংহনাদ কৰিলা আস্ফোটে॥
সেহি নাদে তিনি লোক বিয়াপিলা যেবে।
পৰিলা নিৰ্ঘাত আতি ভয়ঙ্কৰ তেবে॥
শুম্ভৰ আটাসে সেহি নাদে পুৰিলেক।২৬
পাছে দুহন্তৰো ঘোৰ যুদ্ধ লাগিলেক॥
দুয়ো দুইক হানে শৰ হাজাৰে হাজাৰ।
দুয়ো দুহন্তৰ শৰ চেদিলা অপাৰ॥ ২৭
পাচে কোপে শূল ঘাও দিলেক দুৰ্গাই।
ভূমিত পৰিলা শুম্ভ দৈত্য মুৰ্চ্চা যাই॥২৮
 অনন্তৰে নিশুম্ভেয়ো লভিয়া চেতন।
ধনু ধৰি দেবীক হানিলা শৰগণ॥
কালীক সিংহকো দৈত্যে শৰে থাসি থৈলা।২৯
বাহু অযুতেক ধৰি মায়াসে যুৰিলা॥
হানিলা অনেক চক্ৰ গোসানীক বুলি।
তাৰ চক্ৰে গোসানীক চানিলা সমুলি॥৩০
মহা কোপে ভবানীয়ো হানি শৰচয়।
নিশুম্ভৰ শৰ চক্ৰ কৰিলা প্ৰলয়॥৩১
শৰ-চক্ৰ বৃথা ভৈলা দেখি দৈত্যৰাই।
দেবীক বধিতে গদা ধৰি গৈলা ধাই॥৩২