পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৷৴৹

 এইজনা দেবীয়ে বিশ্বব্ৰহ্মাণ্ড সৃজন কৰিছে, চৰাচৰ সকলো পদাৰ্থ তেওঁৰ পৰা উৎপন্ন হৈছে, পূজা সেৱাত তুষ্ট হলে তেওঁ সকলো সুখ সম্পত্তি দান কৰে, আন নালাগে মুক্তিও তেওঁৰ হাতৰ মুঠিৰ বস্তু।

তয়া বিসৃজতে বিশ্বং জগদেচ্চবাচৰম।
সৈষা প্ৰসন্না বৰদা নৃণাং ভবতি মুক্তয়ে॥

 এই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰত্যেক অণুপৰমাণুতে তেওঁ চৈতন্যৰূপে বৰ্তমান আছে, তেওঁ নাথাকা বস্তু একোৱে নাই। তেওঁ সকলোকে ব্যাপি আছে আৰু তেওঁ নিত্য।

“চিতিৰূপেন যা কৃৎস্নং এতদ্ব্যাপ্য স্থিতা জগৎ।
নিত্যৈব সা জগন্মৃতিস্তয়া সৰ্বমিদং ততম্॥”

 নিত্য হৈয়ে দেৱতা সকলৰ বিশেষ কাৰ্য সাধনব নিমিত্তে তেওঁ যেতিয়া যেতিয়া আবিৰ্ভূত হয়, সেই সেই সময়ত লোকসকলে তেওঁক ওপজা বুলি কয়।

দেবানাং কাৰ্য-সিদ্ধ্যৰ্থমাবিৰ্ভবতি সা যদা
উৎপন্নেতি তদা লোকে সা নিত্যাপ্যভিধীয়তে॥

 তেঁও সৰ্ব দেবময়ী। এৱেই বিষ্ণু-ৰূপিণী এৱেই আন আন অৱতাৰো উদ্ভৱ।