পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৰগীত.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 কুৰি বছৰ বয়সত প্ৰভুৱে আলিপুখুৰী ত্যাগ কৰি পূৰ্ব পুৰুষৰ ৰাজধানী বৰদোৱালৈ আহে। ইয়াত তেওঁ হাটি-বাটি পাতি কীৰ্ত্তন ঘৰ সজাই ভক্ত আৰু জ্ঞাতিসকলৰ সৈতে বাস কৰিবলৈ ধৰে। কীৰ্ত্তন ঘৰৰ ভেটি তোলোঁতে প্ৰভুৱে শিলৰ বাসুদেৱ মূৰ্ত্তি এখন পাইছিল; সৰ্বসাধাৰণৰ মন আকৰ্ষণ কৰিবলৈ শ্ৰীশঙ্কৰে মূৰ্ত্তিখন আসনত ৰাখি ৰামৰাম গুৰুৰ হতুৱাই পূজা কৰোৱায়; পূজা কৰি থাকোঁতে মূৰ্ত্তিখন শ্ৰীমন্ত শঙ্কৰ প্ৰভুৰ লগত মিলি যোৱা দেখি সকলো সমজুৱা স্তম্ভিত হয়।

 প্ৰভু শঙ্কৰে দুপৰীয়া ভোজনৰ পাছত দোপদৰত বহি ধৰ্মচৰ্চা আৰু ৰাজ্য়চৰ্চাৰ কাম কৰিছিল; আৰু কোনো কোনো দিন আবেলি নিজ এলেকাৰ গাওঁ-ভূই পৰিদৰ্শন কৰিছিল। বাৰিষা বৰদোৱাৰ ওচৰৰ টেম্পৰণী জানেদি ব্ৰহ্মপুত্ৰৰ পানী সোমাই কোনো কোনো বছৰ উৎপাত কৰে দেখি প্ৰজাবিলাকে এসময়ত আপত্তি কৰাত গুৰুৱে ব্ৰাহ্মণ-চণ্ডালৰ পাৰ্থক্য গুচাবলৈ ৰাধিকা নামৰ এগৰাকী মাছমৰীয়া জাতিৰ তিৰোতাৰ হতুৱাই জান বন্ধ কৰোৱাই দিয়ে।[১]খৰালি বৰদোৱাবাসীৰ পানীৰ কষ্ট দেখি হৰি কীৰ্ত্তনৰ বলেৰে নিশাৰ ভিতৰতে অৰ্দ্ধচন্দ্ৰাকৃতিৰ এটা বিশাল পুখুৰী কৰোৱাই পানীৰ কষ্ট দূৰ কৰে।[২]


  1. পৰবৰ্ত্তী কালত ইয়াক “শান্তীজান” বোলে।
  2. পাছত ইয়াক “আকাশী গঙ্গা” বোলে।