পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৰগীত.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

॥৵৹


হল।[১] সাধাৰণৰ দৃষ্টিত নপৰাকৈ বেদত থকা অমূল্য ৰত্ন হৰিনাম শ্ৰীশঙ্কৰে পাই পণ্ডিতৰ গৰ্ব চুৰ কৰি সকলো ধৰ্মৰ ৰাজা এক শৰণ হৰিৰ নাম-ধৰ্ম ব্যাখ্যা কৰিবলৈ ধৰিলে। তেওঁৰ গীত, কবিতা আদি শুনি ৰাজ্যৰ লোক মোহিত হল। তেওঁৰ শ্ৰী, যশ, দান, ভূতদায়া আৰু পুত্ৰ সদৃশ ভক্তসকলক ভক্তিদানত তেওঁৰ অপাৰ স্নেহত সকলো মুগ্ধ হল।[২]

  উনৈশ বছৰ বয়সতেই গুৰুৱে গোবিন্দৰ নাম-গুণ-যশ প্ৰকাশ কৰে আৰু জগতৰ লোকে পৰম আনন্দে গাবলৈ

দ্বিতীয় বৈকুণ্ঠ-
বৰদোৱা।

ধৰে।[৩] বুঢ়া খাঁ আদি ভূঞাঁ আৰু ব্ৰাহ্মণসকলৰ অনুৰোধ ৰক্ষা কৰি প্ৰভুৱে কপিলীমুখৰ কুমাৰৰ হতুৱাই খোল গঢ়োৱাই নিজে বৈকুণ্ঠৰ পট অঙ্কন কৰি নানা মুখা সজোৱাই চিহ্নযাত্ৰা ভাওনা কৰি দেখুৱায়। এই ভাওনাত প্ৰভুৱে ছয়টা খোল এবেলগে বজাইছিল। সমাজৰ লোকে ভাওনা চাই থাকোঁতে বৈকুণ্ঠত থকা যেন বোধ কৰিছিল আৰু সকলোতে প্ৰভু শঙ্কৰক দেখা পাইছিল আৰু শেষত শঙ্কৰক ঈশ্বৰ জ্ঞান কৰি শৰণ ভিক্ষা কৰিছিল। ৰামচৰণ ঠাকুৰে লিখিছে তাৰ পাছ দিনা শ্ৰীশঙ্কৰে “উদ্ধৱ-সংবাদ” লিখে আৰু এই শাস্ত্ৰ থাপনাত থৈ ৰামৰাম গুৰু আদি কেইবাজন ব্ৰাক্ষ্মণক, বুঢ়া খাঁ আদি ভূঞা আৰু সৰ্বজয়, বলোৰাম, শ্ৰীৰাম, জয়ৰাম, হৰিদাস, হৰিহৰ আদিক প্ৰভুয়ে শৰণ দিয়ে।


  1. শঙ্কৰ চৰিত-ৰাম চৰণ,
  2. গুৰু ভটিমা-শ্ৰীমাধৱদেৱ।
  3. নামঘোষা --শ্ৰীমাধৱদেৱ।