৸৹
প্ৰভুৱে সকলোৰে ভিতৰত নিজক দেখি কিন্তু বাহিৰত সকলোকে জড়জ্ঞান কৰি প্ৰায় ৩৯ বছৰ বয়সলৈকে ধৰ্মৰাজ্য তীৰ্থ মালা। আৰু সংসাৰ চলোৱাৰ পাছত পত্নী বিয়োগ হয়; আৰু তাৰ পাছতেই ৰামৰাম গুৰু, নৰোত্তম, কন্দলি, সৰ্বজয়, বল- ৰাম, হৃষিকেশ, পৰমানন্দ আদি সোতৰজন ভক্তক লগত লৈ তীৰ্থ যাত্ৰা কৰে। এই যাত্ৰাত গঙ্গা, সীতাকুণ্ড, বৰাহক্ষেত্ৰ, গয়া, কাশী, প্ৰয়াগ, মথুৰা, বৃন্দাবন, গোকুল, পুস্কৰ, দ্বাৰকা,শ্ৰীক্ষেত্ৰ আদি ভাৰতৰ ভালেমান তীৰ্থ পৰ্য্য়টন কৰি বাৰ বছৰ কটায়। শ্ৰীমন্ত শঙ্কৰ হৰি ভক্তৰ কল্পতৰু।[১] তেওঁ তীৰ্থ পৰ্য্য়টন কৰোঁতে ভাৰতৰ বিভিন্ন ঠাইৰ ভক্তৰ প্ৰাৰ্থনা এৰাব নোৱাৰি বহুতকো হৰিত শৰণ দিবলগীয়া হৈছিল। গোকুলবাসীয়ে প্ৰভুক দেখি সেৱা জনায় আৰু প্ৰভুৰ পাছ নেৰা হয়। চৰিত্ৰত আছে গোকুলত এদিন ৰাতি প্ৰভু শ্ৰীশঙ্কবে চতুভুজ কৃষ্ণৰূপ ধৰে আৰু গোপ-গোপী সকলে তেৰাক মাজতলৈ মণ্ডলাকাৰে বহে।[২]
প্ৰভু ভাৰত ভ্ৰমণ কৰি আহি বৰদোৱা পায়। প্ৰভুক দেখি জ্ঞাতি সকলে আৰু ৰাজ্যৰ সকলো প্ৰজাই পৰম উজনিত ধৰ্ম প্ৰচাৰ।আনন্দ পায়; জয়ন্ত-মাধৱ খুৰাক দুজনে পিতৃৰ বিষয় সম্পত্তি গুৰুক পুনৰ সোধাই দিয়ে। ইয়াৰ পাছত গুৰুৱে প্ৰজা সাধাৰণৰ অনুৰোধ এৰাব নোৱাৰি শিঙৰিৰ ৰাম ভূঞাঁৰ কন্যা কালিন্দী আইক ২য় বাৰ বিবাহ কৰে। তীৰ্থ পৰ্য্য়টন কৰি ফুৰা কালৰ ভিতৰত কছাৰি আৰু আহোম ৰাজাৰ প্ৰভাৱ বৰদোৱা অঞ্চলত