পৃষ্ঠা:শ্ৰীভজনবিলাস পদ্ধতি.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭
শ্ৰীভজন বিলাস পদ্ধতি৷

কোনোবাই কহে মোৰ সকাম অনেক।
শুনিব যি গলেগাৱে নযাইব ঢাক॥১৪৫॥
এহি বুলি কীৰ্ত্তনক হেয়জ্ঞান কৰি।
অন্যস্থানে অন্য কাৰ্য্যে যায় লৰালৰি॥১৪৬॥
ভকতি নাইকা গুনে শ্ৰবণ নকৰে।
বৰ্ত্তমান কালে জনা শুনা সবে নৰে॥১৪৭
নকলেও হৰি কথা শুনিবাৰ প্ৰতি।
সাধুৰ সঙ্গক আহা যোৱাদিনে ৰাতি॥১৪৯
কৰেযি ৰসত সেয়ে ভক্তি ৰসময়ী।
কেই ৰসে পূৰ্ণ যদি জানে সমুদয়ী॥১৪৯॥
সেয়ে নিজ ভক্ত ভকতিৰ সেয়ে সাৰ।
ভাবিচোৱা হেৰামন বুদ্ধি অহঙ্কাৰ॥১৫০॥
চিত্ত সমে সবে সেই পথ অনুসৰি।
দাস কাশীনাথে কহে বলা হৰি হৰি॥১৫১॥

ৰচোতাৰ পৰিচয়।

(ছবি)

চাৰি কুৰি চাৰি ক্ৰোশে,  পৰিমান যেই দেশে,
 হয় সেই মোৰ নিজ দেশ।