পৃষ্ঠা:শ্ৰীভজনবিলাস পদ্ধতি.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮
শ্ৰীভজন বিলাস পদ্ধতি

দ্বাপৰেসে ভৈলা কাল,  পাত্ৰ শ্ৰীনন্দ দুলাল,
 বুলি আক জানিব বিশেষ॥১৫২॥
অপাত্ৰেই পাত্ৰ পাই,  অহঙ্কাৰে মত্ত হই,
 নাই তাঁৰ প্ৰতি পুৰ্ব্বৰাগ।
ভাবনাৰো নাই লেস,  মাত্ৰ তি কামালা ভেস,
 আশ্ৰয়ৰো নজানুহু ভাগ॥১৫৩॥
জন্ম মোৰ দ্বিজ কুল,  কলিতে দ্বাপৰ কাল,
 পালোঁ পুৰ্ব্বজনমৰ ফলে।
চৈতন্য মন্ত্ৰৰ চিন,  নাই দেখি কৰো ঘিন
 ইজন্মৰ ফল এই হলে॥১৫৪॥
শ্ৰীভজন বিলাসৰ পুৰ্ব্বাপৰ নিয়মৰ,
 মতে একোকাৰ্য্য নকৰিলোঁ॥
ঘাই নাম গুৰু দাস, হই ভজনে উল্লাস,
 লাভে মূলে সমূলী ডুবালোঁ॥১৫৫॥*

(যামলে)

মন্ত্ৰাদি মন্ত্ৰ চৈতন্য দেশ কালাদি পাত্ৰতঃ।
এতেনাবদয়েৎ ষস্তু সগুৰু শিষ্যঘাতকাঃ॥

কথা।

 সকল মন্ত্ৰৰ গুৰ চৈতন্য মন্ত্ৰ ইয়াকে আৰু
দেশ, কাল, পাত্ৰ যি গুৰুই বুজাই নিদিয়ে তেওঁয়ে