পৃষ্ঠা:শ্ৰীভজনবিলাস পদ্ধতি.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৬
শ্ৰীভজন বিলাস পদ্ধতি।


 সেই নববিধে ৰসময়ী ভক্তি বুলি।

 কয়কাৰোমনে ভাবে দিলে চিত্ত খুলি॥১৩৫॥

 ৰসময়ী বুলিতাক ধৰিব নেলাগে।

 তাৰ পটন্তৰ এক শুনা মনযোগে॥১৩৬॥

 আছে যুবতীৰ যিবা বসন ভূষণ।

 স্বামীসহ বাসে তাৰ নাই প্ৰয়োজন॥১৩৭॥

 কাৰ প্ৰয়োজন কহু শুনা সৰ্ব্বজন।

 স্তননেত্ৰ মুখদৃষ্টি পথৰ নিচান॥১৩৮॥

 নবধাভক্তিৰো তেনে জানিবা কাৰণ।

 এনেশক্তি নাই কিয়ামুমুৰ্ষু যিজন॥১৩৯॥

 কানেও নুশুনেকৰে কিৰূপে শ্ৰবণ।

 অবাক হইছে নৰে কৰিব কীৰ্ত্তন॥১৪০॥

 কিৰূপ চিন্তিব দেখা নাই কোন দিন।

 উঠিব নোৱাৰে কৰে কিমতে বন্দন॥১৪১॥

 ভালৰেসে ভক্তি ইযে নিদানৰ নহে।

 ভক্তৰ লক্ষণ তাক ভকতি নকহে॥১৪২॥

 ভকতি নহলে কোনে শ্ৰবন কীৰ্ত্তন।

 কলে ও নকৰে দেখোঁ শুনু সৰ্ব্বক্ষণ॥১৪৩॥

 কোন স্থানে ভাগবত কীৰ্ত্তন হইছে।

 কোনোবাই শুনিবলৈ লগক ধৰিছে।।১৪৪॥