পৃষ্ঠা:শ্ৰীভজনবিলাস পদ্ধতি.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫
শ্ৰীভজন বিলাস পদ্ধতি
(পদ)

যদি অল্প অম্লৰসদুগ্ধতপৰয়।

তৎক্ষণাত দধি নাম ধাৰণ কৰয়॥১২৬॥

দুগ্ধত্ত্ব নাথাকে তাক সকলোৱে জানে।

স্বতন্ত্ৰ থাকিব নৰে মিহলিয়া গুণে॥১২৭৷।

তেনেজ্ঞান কৰ্ম্মে ৰাগমিহলি কৰিলে।

ৰাগৰ নাথাকে লেস জানিবা সকলে॥১২৮॥

জ্ঞানকৰ্ম্মে মুক্তি, ৰাগেভক্তি বুলি ধৰা।

ভকতি কৰিবা যোনে মুকুতিক এৰা॥১২৯॥

মুক্তিপথে দান ব্ৰত তীৰ্থক ভ্ৰমণ।

ধৰ্ম্মকৰ্ম্ম যত মানে মুক্তিৰ কাৰণ॥১৩০॥

আকেসে কৈতভ বুলি সাধু শাস্ত্ৰে কয়।

আকতেজি মুক্তিতনিস্পৃহা ভক্ত হয়॥১৩১॥

এয়েবৈদি ভক্তি আৰ চতুঃষষ্টি ৰস।

আৰ মধ্যে নববিধে কৰে কৃষ্ণ বশ॥১৩২॥

যেনে কোন ঔষধে ৰোগৰ সাম্য হয়।

নুগুছে পলমে অকোহব পুনৰায়॥১৩৩॥

তেনে নববিধে কৃষ্ণে বশো কৰে যদি

ঐশ্বৰ্য জ্ঞানৰ গুণে ভুলে নিৰবধি॥১৩৪৷।