পৃষ্ঠা:শ্ৰীভজনবিলাস পদ্ধতি.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৪
শ্ৰীভজন বিলাস পদ্ধতি৷

(পদ)

এই জন্ম পালে মুক্তি অতি শীঘ্ৰে পায়।
হৰিভক্তি পাবলৈকে কষ্ট বুলি কয়॥১২০॥
স্বধৰ্ম্মত পৰিভ্ৰষ্ট নহব বুলিয়া।
যোনিলিঙ্গতন্ত্ৰে পুনঃ কহে ফুকাৰিয়া॥১২১॥

(তথাহি)

“উভমে উত্তমাং যাতি আত্মনাং জনতাৰয়েৎ।
সএব আত্মঘাতিস্মাৎ পুনৰ্য্যাস্ততি যাতনা।”

(পদ)

সকলজন্মৰ সাৰ ব্ৰাহ্মণ হইয়া।
সকল যুগৰ সাৰ কলিক পাইয়া॥১২২॥
ভজিলাহা হৰি নাম সৰ্ব্ব ধৰ্ম্ম সাৰ।
সৰ্ব্ব অবতাৰ মধ্যে গৌৰাঙ্গাবতাৰ॥১২৩॥
গুৰুতে সদ্‌গুৰু মন্ত্ৰ শ্ৰীচৈতন্য আৰ।
লইপাই কৰিআছা কাৰ্য্য উত্তমৰ॥১২৪॥
কিন্তু জ্ঞান কৰ্ম্ম তাতে মিহলি কৰিলে।
পুনৰ যাতনাক যাব বুলিয়া কহিলে॥১২৫॥

(তথাহি )

সিদ্ধান্ত চন্দ্ৰ উদয় নাটকে।

“অম্লযোগে যথাদুগ্ধদুগ্ধত্ত্বমপিনাং কদা৷
তথাবৈদি যূক্ত ৰাগৰাগত্ত্ব নৈবচ নৈবচ॥”