পৃষ্ঠা:শ্ৰীভজনবিলাস পদ্ধতি.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩
শ্ৰীভজন বিলাস পদ্ধতি।


এইৰূপে সিও জন্ম কৰিলেক ক্ষয়।

চাৰি লক্ষ যোনিত পৰে মানুষ হোৱয়॥১১৫॥

সংক্ষেপেতে কহু শুনা তাৰ পৰিপাতি।

গাৰোমিৰি নগা কুকি বনৰিয়া জাতি॥১১৬॥

বহু আছে সকলোৰে পশু ব্যবহাৰ।

পকা কাচা নাই একো খাবাৰ বিচাৰ॥১১৭৷।


  গড়ুৰ পুৰাণে।

“অশিতি চতুৰঞ্চৈব লক্ষঞ্চজাতিজন্মসু।

ভ্ৰমন্তি পুৰুষপ্ৰাপ্তামানুষজন্ম পু্জ্যয়াৎ।

শূদ্ৰযোনিশতং প্ৰাপ্ত ব্ৰাহ্মনন্তু তদন্তৰে॥”

  (পদ)

তৈৰপৰাএশযোনি অন্তে পুজ্য হই।

শূদ্ৰকুলেজন্মি যদি ভক্তি পোৱা নাই॥১১৮॥

পৰে একবাৰ ব্ৰহ্ম কুলত জনম।

এহি সে কাৰণে হৈল ব্ৰাহ্মণ উত্তম॥১১৯॥


  কাশীখণ্ডে।

“এজন্মযদাপ্ৰোক্তা মুক্তিভবতি তৎক্ষণাৎ।

স্বধৰ্ম্মেন পৰিভ্ৰষ্টা পুনশ্চ স্থাৰৰ ক্ৰমাৎ॥”