পৃষ্ঠা:শ্ৰীভজনবিলাস পদ্ধতি.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২
শ্ৰীভজন বিলাস পদ্ধদ্ধি।

ভজন বিলাসে,  নহবা নৈৰাশ,
 দাসকাশী নাথে কয়॥১০৭॥*॥

সংক্ষীপ্ত বাকি নকৰ।

পদ।

এহিমতে জলৰ মাজত জীব যত।
সকলোৱে নব লক্ষ জাতি যোণিতত॥১০৮॥
সেয়ে নব লক্ষ নৰ্ক জানিবা নিশ্চয়।
যোনিলিঙ্গ তন্ত্ৰ আৰু কশীখণ্ডে কয়॥১০৯॥
একোনাই ইসকল জনম ধৰিলে।
গোমানুষ মৰা পচা মলমুত্ৰ পালে॥১১০॥
সকলোৱে ভক্ষতাৰ আনৰ কি কথা।
নিজক নিজে খাৱা খাই জানিবা সৰ্ব্বথা॥১১১॥
তদন্তৰে ভ্ৰমৰাদি ক্ৰিমিৰ কুলত।
একাদশ লক্ষ নৰ্ক ভোগিব তথাত ॥১১২॥
তৈৰ পৰা পক্ষী যোনি দশ লক্ষ বাৰ।
ভ্ৰমণ কৰিয়া দুঃখ পাইবে অপাৰ ॥১১৩॥
পৰে পশু যোনি ত্ৰিংশ লক্ষ বাৰ যাই।
শীতে বাতে বৰুষনে কষ্ট বাকি নাই॥১১৪॥