পৃষ্ঠা:শ্ৰীভজনবিলাস পদ্ধতি.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
শ্ৰীভজন বিলাস পদ্ধতি


ফেলাইয়া দিয়া, মাৰিব নোৱাৰে,
 ঈশ্বৰ সহায়তাৰ॥৪৪।
বাপৰ তাৰণা, যমৰ যাতনা,
 সিওভাল যেন লাগে।
আৰু ভয়এৰি, বলেহৰি হৰি,
 সদা হৰি মনে যাগে॥৪৫॥
ভয় পাশ চিৰি, হৰি মনে ধৰি,
 প্ৰহলাদ তৰিয়া যায়।
কহে কাশীদাসে, ভজন বিলাসে
 কৰিব নেলাগে ভয়॥৪৬॥*

( কথা)।

 ইয়াৰ তাৎপৰ্য এই, ভক্তি পথত অনেক বিঘ্ন সেয়ে ভয় পাশ; তাক ভয় ন কৰি যোনে কৰে সেয়ে শিব। তাক হিংসা কৰিও কোনে একো কৰিব নোৱাৰে। তাৰ পহিলা সাক্ষী প্ৰহলাদ।

⸻⸻

লজ্জাপাশ।

আদি পুৰানত।

বৈষ্ণবান ভজকৌন্তেয় মাভজ চান্য দেবতা।
পুনান্তি বৈষ্ণবাসৰ্ব্বে সৰ্ব্বদেবানিদং জগত।