পৃষ্ঠা:শ্ৰীভজনবিলাস পদ্ধতি.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
শ্ৰীভজন বিলাস পদ্ধতি।
(পদ।)

 হস্তিনাপুৰত মহাৰজা যুধিষ্ঠিৰ।

 সভাপাতি বসিয়াথাকন্ত নিৰন্তৰ॥৪৭॥

 একদিন পাত্ৰমন্ত্ৰি সহিতে তথাত।

 সুধিলা কহিলা কথা কৃষ্ণে অৰ্জ্জুনত।‌।৪৮॥

 কোৱা সখি এহেন দুৰ্ল্লভ জন্ম পাই।

 সাধু সঙ্গ নকৰি কিসক আছাচাই॥৪৯৷।

 বৈষ্ণবক ভজাপূজা কৰা বৈষ্ণবক।

 নভজিবা নিচিন্তিবা অন্য দেবতাক॥৫০॥

 আজি কালিকৰি দিন গেল কাল আসি।

 ওচৰ ছাপিল তথাপিতো ৰৈলা বসি॥৫১৷।

 অৰ্জ্জুনে বোলন্ত সখি সদ্ গুৰুক আশে।

 আছিলোঁ অপেক্ষা কৰি ইমান দিবসে॥৫২॥

 আৰ ভাল বেয়াদোষ গুণক নচাওঁ।

 কালি পৰভাত কালে যাকে লগ পাওঁ॥৫৩৷।

 তাকে গুৰু মানি জ্ঞান লভিবোঁহু মই।

 কৰিলোঁ প্ৰতিজ্ঞা এই জানিবা নিশ্চই॥৫৪॥

 ইকথা শুনিয়া কৃষ্ণে মনতে ভাবিয়া।

 মায়া কৰি হইল চড়াল মহলিয়া॥৫৫॥