সংক্ষেপে জনাওঁ কিছুমান, শুনা সবে আত দিয়া কান
ভাবৰ বিকাৰে নোক্ষেপিব কাৰ মনে॥৩৭॥
গুৰু দণ্ডে মন ভজা গুৰু, লঘূকে কৰিও যত্নে গুৰু
তেবে সে পাইবা ফল যে বাৰ মাহিয়া।
সন্ধ্যাকে কৰিব যোনে বন্ধ্যা, তাৰে অৰ্দ্ধ ৰাত্ৰি হব সন্ধ্যা
বেৰা থকা ঘৰে নহে তাৰ লাগতীয়া॥৩৮॥
তন্ত্ৰোত নহোৱা মন্ত্ৰ লই, অদীক্ষিত শিষ্য নিজে হই,
গন্ধহীন চুয়া চন্দন ফুলে পুজিও।
অজ্ঞান স্বৰূপ কুশাসনে,বসি সন্ধ্যা কৰ সযতনে
মুণ্ড নাই দণ্ডবতে গুৰুক সেবিও॥৩৯॥
কাৰুন্যাৰ জলে কৰি স্নান, জ্ঞানকে কৰিও সদা ধ্যান,
আহ্নিক কৰিবা প্ৰতি সমাবস্যা ৰাতি।
নিশাহীন মদ খাই দিনে, মাতোয়াল হোৱ সৰ্ব্বক্ষনে
বেহুষ নহবা হলে পৰে হবক্ষতি॥৪০॥
জন্ম লই খাব খোঁজে বাপ, তিল মাত্ৰ তাত নাই পাপ
বাপৰ ধনে ধনী থাকে মাকৰ লগত।
মাকৰ মত বাপচিনি লই, তাকে জন্মদাতা বুলি কই,
বসি ৰঙ্গ চায়েপিতৃ মাতৃৰ আগত॥৪১॥
কলিতে দ্বাপৰ কালমিলে, দিয়াশিক্ষা গুৰু আৰোকলে,
জিয়ালৈমৰাকান্দে শুখ্না নদীৰ কূলে।
পৃষ্ঠা:শ্ৰীভজনবিলাস পদ্ধতি.djvu/১৭
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
শ্ৰীভজন বিলাস পদ্ধতি